চুয়ালকুচি
চুয়ালকুচি ভাৰতৰ অসম ৰাজ্যৰ কামৰূপ জিলাৰ এখন লোকপিয়ল চহৰ। ই গুৱাহাটীৰ পৰা প্ৰায় 35 কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত, চুয়ালকুচি কামৰূপ জিলাৰ এটা খণ্ড। ইয়াত বৃহৎ সংখ্যক কুটিৰ উদ্যোগ হস্ততাঁতৰ সৈতে জড়িত, যাৰ বাবে ইয়াক "অসমৰ মানচেষ্টাৰ" বুলিও জনা যায়।